Last Updated:
এই চন্দ্ৰগ্ৰহণে কিছুমান ৰাশিৰ জীৱনত বিশেষ শুভ ফল কঢ়িয়াই আনিব পাৰে। এই সন্দৰ্ভত জ্যোতিষী চম্পক শৰ্মাই কয় যে এই দৌল পূৰ্ণিমাৰ চন্দ্ৰগ্ৰহণে বিশেষকৈ সিংহ, ধনু আৰু মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এই সময়ছোৱা অত্যন্ত লাভজনক হ’ব বুলি অনুমান কৰা হৈছে
৩ মার্চ তাৰিখে আকাশত দেখা যাব এক গুৰুত্বপূৰ্ণ জ্যোতিৰ্বৈজ্ঞানিক ঘটনা। ৩ মাৰ্চত হ’ব চন্দ্ৰগ্ৰহণ, এই দিনটো দৌল পূৰ্ণিমাৰ সৈতে মিলি যোৱাৰ বাবে ধৰ্মীয় আৰু জ্যোতিষীয় দিশৰ পৰা ইয়াৰ গুৰুত্ব অধিক বৃদ্ধি পাইছে। এইটো এটা আংশিক চন্দ্ৰগ্ৰহণ আৰু ভাৰতৰ কিছুমান অঞ্চলৰ পৰা এই আংশিক চন্দ্ৰগ্ৰহণ দৃশ্যমান হ’ব। এই চন্দ্ৰগ্ৰহণ আৰম্ভ হ’ব দিনৰ ৩ বাজি ২০ মিনিটত আৰু চলি থাকিব সন্ধিয়া ৬ বাজি ৪৭ মিনিটলৈকে।
জ্যোতিষ গণনা অনুসাৰে,এই চন্দ্ৰগ্ৰহণে কিছুমান ৰাশিৰ জীৱনত বিশেষ শুভ ফল কঢ়িয়াই আনিব পাৰে। এই সন্দৰ্ভত জ্যোতিষী চম্পক শৰ্মাই কয় যে এই দৌল পূৰ্ণিমাৰ চন্দ্ৰগ্ৰহণে বিশেষকৈ সিংহ, ধনু আৰু মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এই সময়ছোৱা অত্যন্ত লাভজনক হ’ব বুলি অনুমান কৰা হৈছে।
দৌল পূৰ্ণিমাৰ দিনা চন্দ্ৰগ্ৰহণ আৰু একেসময়তে বিভিন্ন গ্ৰহৰ শুভ অৱস্থানৰ প্ৰভাৱত সিংহ ৰাশিৰ জাতক-জাতিকাসকলে উল্লেখযোগ্য লাভা লাভ হব। বিশেষকৈ ৰাজনীতি বা সামাজিক ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলৰ প্ৰভাৱ আৰু প্ৰতিপত্তি বৃদ্ধি পাব। প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগ দৃঢ় হ’ব আৰু নতুন সুযোগৰ দুৱাৰ মুকলি হ’ব পাৰে। কৰ্মৰত মহিলাসকলৰ বাবে এই সময় বিশেষ সফলতাপূৰ্ণ হ’ব,চকুত লগা কৃতিত্ব বা পদোন্নতিৰ সম্ভাৱনা থাকিব।
ধনু ৰাশিৰ ক্ষেত্ৰতো এই চন্দ্ৰগ্ৰহণ যথেষ্ট শুভ বুলি গণ্য কৰা হৈছে। এই সময়ত দৈনিক আয় বৃদ্ধি পাব পাৰে আৰু অলপ চেষ্টা কৰিলেই ডাঙৰ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰিৰ ক্ষেত্ৰত ঊৰ্ধ্বতন কৰ্তৃপক্ষ আপোনাৰ কামত সন্তুষ্ট হ’ব। ব্যৱসায়ীসকলৰ ক্ষেত্ৰতো নতুন চুক্তি বা লাভজনক সুযোগ আহিব পাৰে। আত্মবিশ্বাস বৃদ্ধি পাব আৰু সিদ্ধান্ত গ্ৰহণত দৃঢ়তা দেখা যাব।
ফাগুন পূৰ্ণিমাৰ এই চন্দ্ৰগ্ৰহণ মকৰ ৰাশিৰ জাতকৰ বাবেও শুভ সংকেত কঢ়িয়াই আনিছে। এই ৰাশিত জাতক জাতিকাৰ আয় বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু বহুদিন ধৰি কিনিবলৈ বিচৰা সামগ্ৰী ক্ৰয় কৰিব পৰা যাব। সম্পত্তি সম্পৰ্কীয় জটিলতা বা আইনী সমস্যাৰ অৱসান ঘটিব পাৰে। পৰিয়ালত সুখ-শান্তি বজাই থাকিব আৰু মানসিক সন্তুষ্টি লাভ কৰিব। সামগ্ৰিকভাৱে দৌল পূৰ্ণিমাৰ এই চন্দ্ৰগ্ৰহণ কিছুমান ৰাশিৰ বাবে দুগুণ লাভৰ দুৱাৰ মুকলি কৰিব পাৰে বুলি জ্যোতিষ গণনাই ইংগিত দিছে।
